ম'ল

ম'ল
একক প্ৰণালী এছ. আই. আধাৰ একক
কিহৰ একক পদাৰ্থৰ পৰিমান
চিহ্ন mol 

ম'ল (ইংৰাজীmole) হৈছে আন্তৰ্জাতিক একক পদ্ধতিত (SI) কোনো বস্তুত থকা পদাৰ্থৰ পৰিমানৰ আধাৰ একক। সংজ্ঞামতে, যিমান পৰিমানৰ ৰাসায়নিক পদাৰ্থত, ১২ মান আনৱিক ভৰ বিশিষ্ট ১২ গ্ৰাম কাৰ্বন-১২ত (১২C, কাৰ্বনৰ আইছ'টপ) থকা প্ৰাথমিক কণিকা, যেনে, পৰমাণু, অণু, আয়ন, ইলেক্ট্ৰ'ন, অথবা ফ'টনৰ সম সংখ্যক কণিকা থাকে, সেই পৰিমানকে এক ম'ল বোলা হয়। এই সংখ্যাটোক এভ'গেড্ৰ' ধ্ৰুৱক হিচাপে প্ৰকাশ কৰা হয়, ইয়াৰ মান প্ৰায় ৬.০২২১৪০৮৫৭×১০২৩ mol−১, ই ৬০২ হাজাৰ নিযুত নিযুত নিযুততকৈ অলপ বেছি। ম'লৰ আন্তৰ্জাতিক একক চিহ্ন হৈছে mol

ৰসায়ন বিজ্ঞানত ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়ক আৰু উৎপাদকৰ পৰিমান প্ৰকাশ কৰিবলৈ ম'লৰ বহুল ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে, 2 H2 + O2 → 2 H2O, এই বিক্ৰিয়াত ২ ম'ল ডাইহাইড্ৰ'জেন (H2) আৰু ১ ম'ল ডায়'ক্সিজেন (O2)ৰ বিক্ৰিয়াৰ ফলত ২ ম'ল পানী (H2O)ৰ উৎপাদন হৈছে। কোনো পদাৰ্থৰ নমুনাত থকা পৰমাণু, আয়ন নাইবা অন্য প্ৰাথমিক কণিকাৰ সংখ্যা বুজাবলৈও ম'ল ব্যৱহাৰ কৰা হয়। সাধাৰণতে কোনো দ্ৰৱৰ ঘনত্ব তাৰ ম'লাৰিটিৰ দ্বাৰা প্ৰকাশ কৰা হয়। ম'লাৰিটি হৈছে প্ৰতি লিটাৰ দ্ৰৱত দ্ৰৱিভূত হোৱা দ্ৰাব্যৰ ম'লৰ সংখ্যা।

প্ৰতি ম'ল পদাৰ্থত থকা অনুৰ সংখ্যাক এভ'গেড্ৰ' ধ্ৰুৱক বোলে, আৰু ইয়াক এনেদৰে সংজ্ঞাবদ্ধ কৰা হয় যে গ্ৰামত প্ৰকাশ কৰা কোনো পদাৰ্থৰ এক ম'ল, পদাৰ্থটোৰ মান তুলনামূলক আনৱিক ভৰৰ সৈতে সমান। উদাহৰণ স্বৰূপে, প্ৰাকৃতিক পানীৰ মান তুলনামূলক আনৱিক ভৰ হৈছে প্ৰায় ১৮.০১৫, সেই হিচাপে এক ম'ল পানীৰ ভৰ হ'ব প্ৰায় ১৮.০১৫ গ্ৰাম।

এই ধাৰণাৰ ভিত্তিতেই পূৰ্ৱতে গ্ৰাম-অণু পদাংশ ব্যৱহাৰ কৰা হৈছিল।[1] সেইদৰে গ্ৰাম-পৰমাণু পদাংশও ব্যৱহাৰ কৰা হয়। গ্ৰাম-পৰামাণু হৈছে সেই পৰিমানৰ পদাৰ্থ, যি পৰিমানত এভ'গেড্ৰ' সংখ্যাৰ সমান পৰমাণু একক অথবা যুগ্মভাৱে থাকে। উদাহৰণ স্বৰূপে ১ ম'ল MgBr2ৰ ভৰ ১ গ্ৰাম-অণু MgBr2 কিন্তু ৩ গ্ৰাম-পৰমাণু MgBr2[2][3]

এককৰ সন্মানাৰ্থে কিছুসংখ্যক ৰসায়নবিদে ২৩ অক্টোবৰৰ দিনটো ম'ল দিৱস হিচাপে উদ্‌যাপন কৰে, আনহাতে অন্য কিছুসংখ্যকে ৬ ফেব্ৰুৱাৰী আৰু ২ জুনত পালন কৰে।

  • তথ্য সংগ্ৰহ

তথ্য সংগ্ৰহ

  1. (8th সম্পাদনা), pp. 114–15, ISBN http://www.bipm.org/utils/common/pdf/si_brochure_8_en.pdf 
  2. Wang, Yuxing; Bouquet, Frédéric; Sheikin, Ilya; Toulemonde, Pierre; Revaz, Bernard; Eisterer, Michael; Weber, Harald W; Hinderer, Joerg et al. (2003). "Specific heat of MgB2 after irradiation". Journal of Physics: Condensed Matter খণ্ড 15 (6): 883–893. 10.1088/0953-8984/15/6/315. 
  3. Lortz, R.; Wang, Y.; Abe, S.; Meingast, C.; Paderno, Yu.; Filippov, V.; Junod, A. (2005). "Specific heat, magnetic susceptibility, resistivity and thermal expansion of the superconductor ZrB12". Phys. Rev. B খণ্ড 72 (2): 024547. 10.1103/PhysRevB.72.024547. 
Other Languages
العربية: مول
asturianu: Mol
azərbaycanca: Mol
беларуская: Моль
беларуская (тарашкевіца)‎: Моль
български: Мол
བོད་ཡིག: མོལ།
brezhoneg: Mol
bosanski: Mol (jedinica)
català: Mol
čeština: Mol (jednotka)
Чӑвашла: Моль
Cymraeg: Môl (uned)
Deutsch: Mol
Ελληνικά: Γραμμομόριο
English: Mole (unit)
Esperanto: Molaro (kemio)
español: Mol
eesti: Mool
euskara: Mol
فارسی: مول
suomi: Mooli
français: Mole (unité)
Nordfriisk: Mol
Gaeilge: Mól
galego: Mol
עברית: מול
हिन्दी: मोल (इकाई)
Kreyòl ayisyen: Mòl
magyar: Mól
հայերեն: Մոլ
Bahasa Indonesia: Mol
íslenska: Mól
italiano: Mole
日本語: モル
ქართული: მოლი
қазақша: Моль
ಕನ್ನಡ: ಮೋಲ್
한국어: 몰 (단위)
kurdî: Mol
Кыргызча: Моль
Lëtzebuergesch: Mol
Ligure: Mole
lietuvių: Molis (vienetas)
latviešu: Mols
македонски: Мол
монгол: Моль
मराठी: मोल (एकक)
Bahasa Melayu: Mol
Plattdüütsch: Mol (Eenheit)
Nederlands: Mol (eenheid)
norsk nynorsk: Mol
occitan: Mòl (unitat)
ਪੰਜਾਬੀ: ਮੋਲ (ਇਕਾਈ)
polski: Mol
Piemontèis: Mòle
پنجابی: مول
português: Mol
română: Mol
русский: Моль
русиньскый: Мол
srpskohrvatski / српскохрватски: Mol (jedinica)
සිංහල: මවුලය
Simple English: Mole (unit)
slovenčina: Mol (jednotka SI)
slovenščina: Mol (enota)
Soomaaliga: Mole
shqip: Moli
српски / srpski: Мол (јединица)
svenska: Mol
தமிழ்: மோல்
ไทย: โมล
Tagalog: Mole (yunit)
Türkçe: Mol (birim)
татарча/tatarça: Моль
українська: Моль
Tiếng Việt: Mol
Winaray: Mol
文言: 摩爾
Bân-lâm-gú: Mol
粵語: 摩爾